January 15, 2026

BIJOYLAKHSMI BORAH

Artist – Writer – Journalist

ভাড়াঘৰ (Rent house)

সাৰ পায়েই খিৰিকীখন মেলিলো।
অবাধ্য যেন লগা
দুটা কাউৰীয়ে কিনো মেল পাতিছে নুবুজিলো ।
এইবাৰ চশমা যোৰ
নাকত বহুৱাই দৰ্জাখন খুলিলো।
উফ !
এইয়া কি দেখিলো
দুৱাৰডলিত
টোপাল টোপাল তেজ !
সোঁফালে চাই দেখো
মোৰ কাষৰ কোঠাটোতে থকা ভাড়াতীয়া মামণি বহি আছে
কাষত কুকুৰ এটা।
হাতত তিতা কাপোৰ এখন লৈ
তাই কুকুৰটোৰ কাণৰ লতিৰ
ঠিক ওপৰেৰে বৈ অহা
তেজকণ মচি আছে।
গাটোত দেখোন তাৰ
দাৰ ঘাপৰ লেখীয়া আঘাত ।
কুকুৰটো মালিকবিহীন !!
মাজে মাজে আমি ভাড়া থকা চৌহদলৈ আহে
খাবলৈ দিওঁ
সি গুছি যায় ।
আকৌ দুদিনমান নোহোৱা হয়।
তাৰ সৈতে আমাৰ ইমানেই সম্পৰ্ক।
আজি আঘাত পাই
হয়তো আমালৈ মনত পৰিল তাৰ
উম বিচাৰিছে সি
হয়তো অলপ মৰমৰ মলম।

পুৱাটোৱে অস্থিৰ কৰি পেলালে।
এই চহৰত কোন সেই অমানুহ ।।
গা ধুই মন্দিৰলৈ গ’লো।
ফোনত প্ৰিয়তমে সুধিলে
কাৰ বাবে প্ৰাৰ্থনা কৰিলা?
অস্পষ্ট ধ্বনিত মই —
পৃথিৱীৰ বাবে ।
এইবাৰ চাহ কৰিলো
গোলাপৰ পাহীৰে।
পাচলিৰ খৰাহীটোলৈ
চালো ,
এদিন আগত কিনা বন্ধাকবি কেইটা পচিল।

মনত পৰিল দুটকা লৈ তাহানি
স্কুলৰ পৰা পোনাই দিয়া
সাপ্তাহিক হাট খনলৈ।
তেতিয়া হাটখনেই আছিল
অঞ্চলটোৰ যোগাযোগৰ সমন্বয় স্থলী ।
হাটলৈ অহা ইজনে সিজনক খবৰ দিছিল,
জনাইছিল তোক পালো ভালেই হ’ল ৰামনাথপুৰৰ মহেন্দ্ৰক জনাবি
আমাৰ সোণজনীৰ বিয়া ।

সেই হাটৰ স্মৃতি আজিও সজীৱ ..
পাচলিৰ সোৱাদো ।

এতিয়াৰ দিনবোৰ যেন
বৰ উদং ।
মনৰ কথা যেন জিভাতে ৰয় ।
ক’লোৱেই যেনিবা
বাৰ্তালাপ ভাইৰেল ।
আমাৰ সুখ ভাইৰেল
দুখ ভাইৰেল
আৰু কেতিয়াবা
শৰীৰ ভাইৰেল ।
নিমিষতে আমি হৈ পৰিব পাৰো
ইন্টাৰনেট চেনশ্বেচন।

✍🏻 বিজয়লক্ষ্মী বৰা

About The Author