শিকনৰ মানদণ্ড সুদৃঢ় হ’বলৈ শুদ্ধ বানান শিকনতো গুৰুত্ব প্ৰদান কৰা উচিত।এই ক্ষেত্রত শিক্ষকৰ ভূমিকা অপৰিহাৰ্য । আমি জ্ঞাত যে শিক্ষক গৰাকীৰ ওপৰত দৰাচলতে শিকনৰ ফলাফল নিৰ্ভৰ কৰে।বানানৰ ক্ষেত্রত প্ৰাথমিক পৰ্যায়ৰ পৰাই ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিলেও দেখা যায় যে বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীয়েও লিখনত ভুল কৰে। প্ৰশ্ন হয় ভূলতেই ভুল হয় কিয়??বিদ্যালয়ত নাম ভৰ্তি কৰাৰ আগতেই এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ মাতৃভাষাত ভাৱ বিনিময় কৰিব পাৰে। গতিকে ঘৰ খনৰ সদস্য তথা পিতৃ মাতৃৰ শব্দ উচ্চাৰণৰ ক্ষেত্রত হোৱা ভুলে শিশুটিৰ ওপৰত প্ৰভাৱ পেলায়। কিয়নো শুদ্ধ উচ্চাৰণে বানান শুদ্ধকৈ লিখাত সহায় কৰে ।
যেনে- আমি সঘনাই ‘খ’ ৰ উচ্ছাৰণ স দৰেই কৰোঁ। আমি ভাত খালোঁ – কওঁতে হয়গৈ আমি ভাত সালো।
এতিয়া আহোঁ শিক্ষকৰ ভূমিকাৰ প্ৰসংগলৈ। শিক্ষণ ফলপ্ৰসূ হোৱাত শিক্ষকৰ ভূমিকাই আগস্থান পায়।
বানানৰ শুদ্ধতাই যিহেতু লিখন কৌশলৰ গুণগত মান বৃদ্ধি কৰে। গতিকে শিক্ষকে ছাত্র ছাত্রীক বানানৰ ক্ষেত্রত প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই গুৰুত্ব দিলে শিকনৰ ভেঁটি সুদৃঢ় কৰাত সহায়ক হয়। শিক্ষকৰ প্ৰধান কৰ্তব্যই হৈছে ভুল শুধৰাই মাৰ্গ প্ৰদৰ্শন কৰা। ব্যাকৰণগত নীতি নিয়ম সমূহ যথোচিত ভাবে পালন কৰিবলৈ দিয়া, যুক্তাক্ষৰ সমূহ লিখিবলৈ দিলে লিখনত শুধৰণি আহে। প্ৰশিক্ষণ প্ৰাপ্ত তথা অধ্যয়ণপুষ্ট শিক্ষক গৰাকীয়ে বানান লিখনত দূৰ্বল শিক্ষাৰ্থীক অভ্যাস আৰু অনুশীলনৰ দ্বাৰা লিখনত নিৰ্ভুল হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। তদুপৰি মন কৰিবলগীয়া যে শিক্ষক গৰাকীৰ যত্নপৰ
তৎপৰ গুণে বানান নিৰ্ভূলকৰণত সহায় কৰে।অভিধান খন হাতপুথি কৰি খোকোজা লগা শব্দ বোৰ সাউতকৈ চোৱাৰ অভ্যাস ছাত্ৰ ছাত্রীৰ মাজত গঢ়িব পাৰিলে বানান ভুলৰ আঁসোৱাহ বোৰ দূৰীকৰণত উজু হৈ পৰে। শিক্ষকজন নিজেই শুদ্ধ বানান লিখনৰ ক্ষেত্রত সতৰ্ক আৰু সক্রিয় হোৱা উচিত। বিভিন্ন ক্ৰিয়া কলাপ, দলগত অধ্যয়ণ, শ্ৰেণীকোঠাৰ শ্ৰুতলিপি, গৃহকৰ্ম, আৱেদন লিখাৰ অভ্যাস আদিৰে বানান শুদ্ধ কৰাত শিক্ষক গৰাকীৰ গুৰুত্বপূৰ্ণ ভূমিকা অতুলনীয়। স্কুলীয়া পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ লৈকে ই কাৰ ঈ কাৰ, ন, ণ, উ কাৰ ঊ কাৰক লৈ প্ৰায়ে খেলি মেলি লাগে। উচ্চ শিক্ষাৰ ক্ষেত্রতো মাজে সময়ে শুদ্ধ বানান লিখন, উচ্চাৰণত মাজে সময়ে গঠনমূলক আলোচনাৰে শিক্ষক সকলে ভূমিকা গ্ৰহণ কৰিব পাৰে। কোৱা হয় যে পঠনে মনক বিকশিত কৰাত সহায় কৰে। যিহেতু পঠনৰ জৰিয়তে উচ্চাৰণ শুদ্ধ হয় লগতে লিখনৰ ধাৰণা স্পষ্ট হয় । পঠন ক্ৰিয়াই শিক্ষাৰ ধূসৰ ক্ষেত্র grey area বোৰ আঁতৰ কৰাত সহায় কৰে। গতিকে শিক্ষকে ছাত্ৰ ছাত্ৰীক পঠনৰ অভ্যাসৰ জৰিয়তে বানান বোৰ শুদ্ধ কৰাত সামৰ্থ হ’ব পাৰে। লগতে প্ৰাথমিক শিক্ষাত ছাত্ৰ ছাত্রীক লেখাৰ পঢ়াৰ মাজেৰে বৌদ্ধিক জগতলৈ প্ৰৱেশ কৰোৱা হয়। গতিকে ছাত্ৰ ছাত্রী লিখন কৌশলকে ধৰি সৰ্ব দিশ বিকাশৰ ক্ষেত্রত শিক্ষক অভিভাৱক উভয়ৰে ভূমিকা গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি। অসমীয়া ভাষাৰ বানান ভুলৰ সমস্যাত সৰু বৰ সকলোৱে ভাৰাক্ৰান্ত।
থাউকতে বানান বিভ্ৰান্তিৰ কাৰণ সমূহ আঙুলিয়াই দিয়া হ’ল ।
১) পূৰ্বতে কোৱাৰ দৰে মাতৃভাষাৰ অবহেলাই বানান ভুলৰ প্ৰধান অন্তৰায়।
২) অভিধান খন হাতপুথি (handbook) নকৰিলে বানানৰ ক্ষেত্রত আঁসোৱাহ বোৰ ৰৈ যায়। Android মোবাইল থকাসকলে ইংৰাজীৰ শব্দবোৰ ইন্টাৰনেটত সহজে চাব পাৰে। দেখা যায় যে আমাৰ ইন্টাৰনেটত উপলব্ধ অসমীয়া অভিধানৰ মানদণ্ড বৰ উন্নত নহয় তথা শব্দবোৰ গুগল কৰিলে বাংলা ভাষাৰ বেৱচাইটবোৰ হে খোল খায় গতিকে পৰাপক্ষত অভিধানৰ চৰ্চা কৰা উচিত।
৩)অসমৰ বিভিন্ন ঠাইত ঠাইভেদে উচ্চাৰণ ভিন্নতা দেখা যায়। তদুপৰি অসমীয়া বৰ্ণমালাত স, ষ, শ , উ, ও উচ্চাৰণ পায় একে যেন লাগে। দৈনন্দিন জীৱনত শিৱসাগৰক চিবচাগৰ, নিশান্তক নিচান্ত, শৰ্মাক চৰমা, ঔপন্যাসিকক উপন্যাসিক, সুশীলক চুচিল কোৱা অভ্যাস আমাৰ গঢ়ি উঠিছে। হিচাপ নিকাচৰ বেলিকাও বিশ টো বিচ, ঊনৈশক উনিশ বুলি বহুতে কয়।
৪) বিজ্ঞাপন জনিত ভুলবোৰ আমি প্ৰায়ে গুৰুত্ব নিদিও। পৰা পক্ষত শুধৰাই দিয়াৰো যত্ন নকৰোঁ। বিভিন্ন বিজ্ঞাপন কেন্দ্রীক বাক্যবোৰত প্ৰায়ে ভুল থাকে । বিজ্ঞাপনৰ ফলক বোৰ সাধাৰণতে সকলোৰে দৃষ্টি আকর্ষণ কৰে। তেনেস্থলত ভুল শব্দ দেখিলে মগজুত সেইটোৱেই সাঁচ বহুৱায়। দূৰদৰ্শনৰ পৰ্দাতো বিশেষকৈ বাতৰি চেনেল সমূহ বা News Portal বানান মাজে সময়ে ভুল হোৱা দেখা যায়। আলোচনী, বাতৰিকাকত আদিতো ছপা হোৱা ভুল বানানে পঢ়ৱৈক বিভ্রান্তিত পেলায়।
৫) উচ্চাৰণ আৰু প্ৰয়োগৰ ক্ষেত্রত থকা ভিন্নতাৰ বাবে বহু ছাত্ৰ ছাত্রীয়ে সততে খেলি মেলি কৰে। যেন নাৰী, নাড়ী , আচৰণ, ছাগলী, চুচুক চামাক ইত্যাদি। আকৌ ব, ৱ ৰ বেলিকাও আমি গৱেষণাক গবেষণা, সম্ভৱক সম্ভব বুলি উচ্চাৰণ কৰো।
৬) শিক্ষাদান পদ্ধতিত মুখস্থ বিদ্যাক গুৰুত্ব দিলে ছাত্ৰ ছাত্রীক প্ৰকৃতাৰ্থত বানানৰ প্ৰতি গুৰুত্ব দিয়া নহয়। গতিকে বিজ্ঞান সন্মত পাঠদানত গুৰুত্ব দিয়া উচিত।
এই ভুল সমূহ নিবাৰণ বাবে শিক্ষকে নিম্নলিখিত ল’ব পৰা কাৰ্যকৰী ভূমিকা আলোচনা কৰা হ’ল —
১) প্ৰাথমিক শিক্ষাই যিহেতু ভাষা শিকাৰ প্ৰথম পৰ্যায়। এই স্তৰতেই ভালদৰে আয়ত্ত কৰিলে পাছলৈ আৰু ভুল কৰাৰ সম্ভাৱনা নাথাকে। শিক্ষকে শব্দবোৰ ভালদৰে উচ্চাৰণ কৰি প্ৰথমে শ্ৰেণীকোঠাত লিখি দেখুৱাব লাগে। মনোযোগ বৃদ্ধিৰ বাবে ছাত্ৰ ছাত্রীক ব্লেকবৰ্ডত বানান বোৰ লিখিবলৈ দিব লাগে ।
২) শ্ৰুতলিপি লিখিবলৈ দিয়াটো অত্যন্ত জৰুৰী। শ্ৰুতলিপি দিওঁতে শিক্ষক গৰাকীয়েও শুদ্ধকৈ আৰু ছাত্ৰ ছাত্ৰীয়ে শুনাকৈ কৈছেনে নাই মন দিব লাগে। তাৰপাছত সততে ভুল কৰা শব্দবোৰৰ তালিকাকৰণ কৰি সেইবোৰত গুৰুত্ব দিব লাগে।
৩) টান পোৱা বিষয়বস্তু বোৰ সহজে বোধগম্য হোৱাকৈ , আখৰ বোৰ মনত ৰোৱাকৈ ছাত্র ছাত্রীক এক পৰিৱেশ দিয়া উচিত। বানান শিকনত যাতে বিৰক্তি সৃষ্টি নহয় তাৰ প্ৰতি মন কৰি পাঠদান কৰাব লাগে।
৪) অভ্যাসজনিত ভাবে কেতিয়াবা শিক্ষকগৰাকীয়ে শুদ্ধটো জনাৰ পাছতো ভুল কৰে। উদাহৰণ স্বৰূপে ঊনৈশক উনিশ , ৰিক্সাক ৰিচ্ কা বুলি কোৱা। তেনেস্থলত নিজেও সতৰ্ক হোৱা উচিত। লগতে কেতিয়াবা পাঠবোৰ প্ৰিন্টিংত ভুল হয়। সেইবোৰ পাঠটোৰ আৰম্ভণিতে কৈ দিয়া উচিত।
৫) কিছুমান গৃহকৰ্ম দিও ছাত্র ছাত্রীক শুদ্ধকৈ লিখিবৰ বাবে মনোযোগ আকৰ্ষণ কৰিব পাৰি। যেনে দৈনিক ৫ টা কৈ শব্দ লিখি আনিবলৈ দিয়া। খেল মাজেৰেও বানান শিকনত মাত্ৰা প্ৰদান কৰিব পাৰি। যেনে পাঠ্য পুথিৰ যিকোনো এটা অধ্যায় উলিয়াই নিৰ্দিষ্ট শব্দটো ক’ত আছে বিছাৰি উলিয়াব দিয়া ইত্যাদি।
৬) অভিধান চোৱাৰ অনুশীলন শ্ৰেণীকোঠাতে কাৰ্যকৰী কৰিবলৈ প্ৰত্যেককে সহজে উপলব্ধ পকেট অভিধান একোখনকৈ কিনিবলৈ দিব লাগে। যাতে ছাত্ৰ ছাত্ৰীয়ে স্কুলীয়া বেগতে সেইখন লৈ আহিব পাৰে।
৭) ব্যাকৰণৰ আছুতীয়াকৈ এটা পিৰিয়ড ৰখা উচিত। কাৰণ ণত্ব বিধি, ষত্ব বিধি, সমাস , প্ৰত্যয়, চন্দ্ৰবিন্দুৰ ব্যৱহাৰ আদি ভালদৰে বুজি নল’লে লিখোতে ভুল হ’বই । ব্যাকৰণক আমোদজনক কৰিবলৈ ব্লেক বৰ্ডত বুজাই দিয়াৰ উপৰিও উচ্চাৰণ অনুসাৰে বৰ্ণ ভাগ, ণত্ব বিধি আদিৰ নিয়ম সমূহ বগা চাৰ্টপেপাৰত সজাই পৰাই লিখিবলৈ প্ৰকল্প দিয়া উচিত।
৮) ছাত্ৰ ছাত্রীক পঢ়িবলৈ দি যিটো শব্দতেই খোকোজা লাগে বা উচ্চাৰণত ভুল কৰে লগে লগেই শুধৰাই দিলে মনত ৰোৱাত সহায় কৰে।
৯) ছাত্ৰ ছাত্রীক শিকনৰ বেলিকা ভয় নকৰিবলৈ প্ৰেৰণা দিব লাগিব। কাৰণ কিছু সংখ্যক ছাত্র ছাত্রীয়ে ভয়তে জনা বস্তুটোকো পৰীক্ষাত বা শ্ৰেণীকোঠাত ভয়তে ভুল কৰে। ভুল হ’লেও যাতে দুগুণ উৎসাহেৰে অনুশীলনৰ বলত শুদ্ধ কৰিবলৈ ছাত্র ছাত্রীক মানসিকভাবে সবল কৰাৰ চাবিকাঠি শিক্ষক গৰাকীৰ হাততেই থাকে।
১০) সদৌ শেষত ক’ব লাগিব যে মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থাকিবলৈ , ভাষাৰ শুদ্ধ ৰূপ চৰ্চা কৰিবলৈ শিক্ষক গৰাকী, অভিভাৱক নিজেই তৎপৰ হ’ব লাগিব তেতিয়াহে ছাত্র ছাত্ৰীৰ আঁসোৱাহ
More Stories
Flavors of the Brahmaputra
Hidden Gem of the Northeast
Golden Threads of Tradition