ৰাভাৰ আভা
২০ জুন, ৰাভা দিৱস। অসমীয়া সাহিত্য সংস্কৃতি, জাতীয় জীৱনত চিৰসেউজ অৱদান আগবঢ়োৱা অসমৰ জাতীয় জীৱনৰ কাণ্ডাৰী বিষ্ণুপ্ৰসাদ ৰাভা। প্ৰাক্তন মুখ্যমন্ত্রী বিমলা প্ৰসাদ চলিহাই কৈছিল-” তেওঁ আছিল এজন অসাধাৰণ সংগীতকাৰ, গীতিকাৰ গায়ক, অভিনেতা, নাট্যকাৰ, যন্ত্রশিল্পী, লেখক, নৰ্তক, ছবি- আঁকোতা, সমাজ কৰ্মী আৰু সাংস্কৃতিক নেতা। …” ৰাভাদেৱৰ গীত মাত, কবিতা, নাটক, গল্প, উপন্যাস সমূহত পোৱা যায় অসমৰ লোক জীৱনৰ হাঁহি, কান্দোন, বোধ তথা সহজ সৰল জন জীৱনৰ কথা। বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাসমূহতো গীতিধৰ্মীতা বিদ্যমান। গীতিকাৰ হিচাপেও বিষ্ণুৰাভাৰ আছিল স্বকীয়তা । তেখেতৰ গীতক লোকনাথ গোস্বামীয়ে ৫ টা ভাগত ভগাইছে- ১) জাতীয় ভাবোদ্দীপক গীত ২) বিপ্লৱী গীত ৩) ৰোমান্টিক ভাৱৰ গীত ৪) শিশুৰ মনৰ গীত ৫) সাৰ্বজনীন ভাৱৰ গীত। শাষণ- শোষণৰ দ্বাৰা পীড়িত সকলৰ মুক্তিৰ বাবে ডেকাশক্তিক জাগ্রত কৰাৰ প্ৰয়াসেৰে তেওঁ লিখিছিল “অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল আজি তোৰ তেজাল বদন মলিন কিয় হ’ল ?”পিছে ধৰ্মীয় অসহিষ্ণুতা , ভাষিক, ৰাজনৈতিক, উগ্ৰ জাতীয়তাবাদী ভাৱধাৰাই ৰাভাদেৱৰ সেই “নিচলা আইৰে আমি খাটি অসমীয়া ” গীতৰ মাধুর্যতাক যেন ম্লান কৰি পেলাইছে । সুবিধাবাদী চতুৰ এচামে আজি ব্যৱসায়িক দৃষ্টিত ৰাভা দিৱস পাতি বিকৃত ৰৃপ দিয়ে । উগ্ৰ , ঠেকগণ্ডীৰে তুষ্ট হৈ আমি যদি ভাবো বিষ্ণুপ্ৰসাদ ৰাভা কেৱল ৰাভা সকলৰ হয়, শংকৰদেৱ যদি ভূঞা সকলৰ হয়, জ্যোতিপ্রসাদ আগৰৱালা যদি মাৰোৱাৰী সকলৰ হয় তেনেহ’লে অসমীয়া কোন? প্ৰশ্ন হয় ৰাভাক লৈ বৌদ্ধিক মহলত সততে হোৱা টনা আজোৰা অন্ত পৰিবনে? তাহানি নিপীড়িত শ্ৰেণীৰ দুখ দূৰ্দশা দেখি ৰাভাৰ হিয়াই কান্দিছিল—কাৰখানাৰ চিটিৰ হুমুনিয়াহ, কলৰ ঘৰঘৰণি বুকু কঁপোৱা,শুনি শুনি কাঁহৰ মাত কঠুৱা; কান্দে দুখীয়া বনুৱা ৷” হালোৱা, হজুৱা, সৰ্বহাৰাৰ বাবে নিজকে বিলীন কৰি দিয়া শিল্পীগৰাকীৰ আজিকোপতি প্ৰকৃত মূল্যায়ন কৰা হ’লনে? প্ৰেমিক হিচাপেও বুকুত লৈ ফুৰা উত্তাপ প্ৰশমিত কৰিবলৈ তেওঁ লিখিছিল – লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা.. । প্ৰকৃতিৰ প্ৰতিও আছিল ৰাভাদেৱৰ আকুলতা। সেয়ে হয়তো তেওঁ লিখিছিল নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব। তেখেতৰ কাব্য পৰিক্ৰমা লিখি শেষ কৰিব নোৱাৰি। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ আদৰ্শ পুৰুষ আছিল শ্ৰীমন্ত শংকৰদেৱ। তেওঁ স্বীকাৰ কৰিছিল যে শংকৰ নাথাকিলে অসমীয়া জাতিৰ একো নাথাকে। পিছে গুৰুজনাৰ “কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম ” বাণীক হৃদয়ংগম কৰা দূৰৰ কথা আজিৰ মানুহে কাক কেনেকৈ সন্মান, মৰম-চেনেহ কৰিব লাগে তাকে নাজানে। সি যি কি নহওঁক শংকৰদেৱৰ ধৰ্মীয় ভাৱধাৰাটোতকৈ সাংস্কৃতিক ভাৱধাৰাইহে ৰাভাক আকৰ্ষিত কৰিছিল। উল্লেখ্য যে সাম্যবাদী দৰ্শনেৰে ঋদ্ধ বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতীয় নাৰীৰ সৰ্ব স্তৰৰ বিকাশৰ বাবেও চিন্তা কৰিছিল। ” নাৰীৰ সমস্যা কি হ’ব” , ছোভিয়েটৰ নাৰী , সমসাময়িক ভাৰতৰ নাৰী আদি ৰচনাত ভাৰতীয় নাৰীৰ দশা সম্বন্ধে আলোকপাত কৰিছিল । নাৰীবাদ ৰাভাৰ ৰচনাৰ অন্য এক ধাৰা। তেখেতে “ছোভিয়েটৰ নাৰী “ৰচনাত কৈছে – আমাৰ ইয়াত বিয়াটোকে তিৰোতাৰ ভৰণ পোষণৰ পন্থা বুলি তিৰোতাৰ মানৱীয় বিকাশক দমাই ৰখা হয় । ৰাভাদেৱে প্ৰশ্ন কৰিছিল যে নাৰীৰ প্ৰতি পুৰুষৰ কৰ্তব্য কিয় আওকান কৰা হয়। ৰাভাই ব্যক্ত কৰিছে যে ছোভিয়েটত ভাত কাপোৰ বিচাৰি ছোৱালীক কাৰো ডিঙিত ওলমাই দিব নালাগে। পিছে আমাৰ সমাজত আজিও কিছুসংখ্যকে নিজৰ কন্যাক বিয়া দি দ্বায়িত্ব সামৰে। সংসাৰ খনত এগৰাকী নাৰীয়েও যে খুটি খাব পাৰে সেই ভাৱাদৰ্শ পোষণ নকৰে। আনকি শিক্ষাৰ ক্ষেত্রতো কলাক (arts) মহিলাৰ বিষয় বুলি ভাবে। তদুপৰি শিক্ষাৰ বাবে ল’ৰাটোৰ তুলনাত নিজ কন্যাৰ ক্ষেত্রত খৰচো কমকৈ বহন কৰা উদাহৰণ আজিৰ সমাজতেই আছে। সামগ্ৰিক ভাৱে ক’বলৈ গ’লে ৰাভাৰ চিন্তা, আদৰ্শ আজিও প্ৰাসংগিক। কাৰণ ৰাভা দেৱে কল্পনা কৰা ভাৰতী জননীতে আজিও কন্যা ভ্ৰূণ হত্যা চলি আছে। থাউকতে কৈ শেষ কৰিব নোৱাৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ, সত্বা আমাৰ বাবে সদা প্ৰেৰণাৰ সমল হৈ থাকিব। বিশ্বৰ ছন্দত অসম সদায় জিলিকি ৰওঁক এয়ে আমাৰ আশা।
বিনয়েৰে,
বিজয়লক্ষ্মী বৰা
৯৪৩৫৯৭৭২৮২
স্থায়ী ঠিকনা : শোণিতপুৰ, মিছামাৰী
পিন ৭৮৪৫০৬
More Stories
Flavors of the Brahmaputra
Hidden Gem of the Northeast
Golden Threads of Tradition